Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part- 5

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

আধুনিক ভাৰত : Part- 1

১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালানি।

৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰ্দান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

১২) প্ৰশ্ন : উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

১৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

১৫) প্ৰশ্ন : মুছ্লিম লীগ কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনত।

১৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।

১৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?

উত্তৰ : ছিমলা।

Join Whatsapp Group

১৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ : ১৯১১ চনত।

১৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯১৯ চনত।

২০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

২১) প্ৰশ্ন : কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ : লৰ্ড আৰউইন।

২২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯১৭ চনত।

২৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২০ চনত।

২৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : ড০ এনি বেছান্ত।

২৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২৩ চনত।

২৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

২৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?

উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

২৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।

২৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।

৩০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

৩১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনত।

৩২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।

৩৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ : মহম্মদ আলি জিন্না।

৩৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

৩৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group