How to check Aadhaar Card Status?
আপুনি Aadhaar Card বনাবলৈ আবেদন কৰিছে নেকি আৰু এতিয়ালৈকে আপুনি Aadhaar Card Number পোৱা নাই নেকি? নামভৰ্তি কেন্দ্ৰত (Enrolment Center) আবেদন কৰাৰ পিছত Aadhaar Card গঠন (Create) কৰিবলৈ ৯০ দিন সময় লাগে। যদি আপুনি আপোনাৰ Aadhaar Card Status Check কৰিব বিচাৰে তেনেহলে আপুনি এই পোষ্টটো শেষ লৈকে পঢ়িব। কিয়নো এই পোষ্টটোত আমি জানিবলৈ গৈ আছোঁ Aadhaar Card ৰ Status কেনেকৈ Check কৰিব?
Aadhaar Card বনাবলৈ আবেদন কৰা এজন ব্যক্তিয়ে UIDAI WEBSITE ত তেওঁৰ আধাৰ কাৰ্ডৰ স্থিতি পৰীক্ষা (Status Check) কৰিব পাৰে। এইটো কৰিবলৈ তেওঁৰ ওচৰত Enrolment slip থাকিব লাগিব। যিটো আপোনাক নামভৰ্তিৰ সময়ত Enrolment Center ৰ পৰা দিয়ে।
এটা কথা মনত ৰাখিব, যদি আপুনি আপোনাৰ আধাৰ কাৰ্ড আবেদন কৰাৰ সময়ত আপোনাৰ ম’বাইল নম্বৰ দিছে তেনেহলে আপোনাক আধাৰ কাৰ্ড বনোৱা বা সৃষ্টি হ’লে ইউ.আই.ডি.আইয়ে (UIDAI) আপোনাক এছ.এম.এছৰ (SMS) জৰিয়তে অৱগত কৰিব। Aadhar Card ৰ Status Check কৰাটো একেবাৰে সহজ। ইয়াৰ বাবে আপুনি কিছুমান পদক্ষেপ অনুসৰণ কৰিব লাগিব। তেনেহলে আহক সেই পদক্ষেপবোৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ।
Table of Contents
UIDAI website ৰ পৰা কেনেকৈ Aadhaar Card ৰ Status Check কৰিব?
● প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ Browser ৰ সহায়ত আডাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত visit কৰক। আপুনি পোনপটীয়াকৈ এই লিংকত www.uidai.gov.in ক্লিক কৰিব পাৰে।
● ৱেবছাইটত যোৱাৰ পিছত ‘My Aadhaar‘ টেবৰ ভিতৰত থকা ‘Check Aadhaar Status‘ত ক্লিক কৰক।
● এতিয়া আপুনি আপোনাৰ Enrolment Number সন্নবিষ্ট কৰিব লাগিব। এই Number টো ১৪ টা অংকৰ হ’ব।
● তাৰ পিছত আপুনি তাৰিখ (Date) আৰু সময় (Time) বহুৱাব লাগিব যিটো আপুনি Enrolment slip ত পাব।
● আপুনি এতিয়া কেপচা কোড (Captcha Code) বহুৱাই Check Status ক্লিক কৰক।
● যদি আপোনাৰ আডাৰ কাৰ্ড হৈ গৈছে তেনেহলে হ’লে আপুনি ইয়াক ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰে। যদি আপোনাৰ ফোন নম্বৰটো আডাৰ কাৰ্ডৰ ডাটাৰ সৈতে পঞ্জীয়ন কৰা থাকে তেন্তে আপুনি আপোনাৰ ম’বাইলত Aadhar Card Download কৰিব পাৰে।
UIDAI Helpline ৰ পৰা কেনেকৈ Aadhaar Card Status Check কৰিব?
আডাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও আপোনাৰ Aadhaar Card Status Check কৰাৰ আন এটা উপায় আছে। Enrolment হোৱাৰ পিছত আপুনি ইউ.আই.ডি.আইৰ হেল্পলাইনত ১৯৪৭ ফোন কৰিব পাৰে। ইয়াৰ বাবে তলৰ নিৰ্দেশনাবোৰ অনুসৰণ কৰি থাকক।
প্ৰথমে আপুনি আপোনাৰ নামভৰ্তিৰ আইডি সাজু ৰাখিব। কাৰণ হ’ল সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনাক ইয়াৰ প্ৰয়োজন হ’ব পাৰে।
হেল্পলাইনটোৱে আপোনাক আধাৰ কাৰ্ডৰ নম্বৰ লিখিবলৈ অনুমতি দিব যেতিয়া আপোনাৰ আডাৰ কাৰ্ড সৃষ্টি হ’ব বা বনোৱা প্ৰক্ৰিয়া সম্পন্ন হ’ব। আধাৰ কাৰ্ডৰ নম্বৰ লিখাৰ পিছত আপুনি ইউ আই.ডি আইৰ ৱেবছাইটৰ পৰা আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে।
যদি আপোনাৰ Enrolment slip হেৰুৱাই তেন্তে আপুনি কি কৰিব?
যদি আপুনি আপোনাৰ Enrolment slip হেৰুৱাই পেলায় তেতিয়া আপুনি ২৮ অংকৰ { (Enrolment Number 1234/12345/12345) + (dd/mm/yyyy-hh:mm:ss)} Acknowledge slip এটা পুনৰ প্ৰাপ্ত কৰিব পাৰে। তাৰ পিছত আপোনাৰ Aadhaar Card ৰ Status check কৰিব পাৰে।
অৱশ্যে, আপুনি এই সুবিধাটো প্ৰাপ্ত কৰিবলৈ আধাৰ কাৰ্ডৰ নামভৰ্তিৰ সময়ত আপোনাৰ ম’বাইল নম্বৰ বা ইমেইল আইডি পঞ্জীয়ন (register) কৰা থাকিব লাগিব।
তলত আমি বৰ্ণনা কৰি আছোঁ যে আপুনি কেনেকৈ হেৰুওৱাই পেলোৱা Enrolment Number টো আকৌ বিচাৰি পাব পাৰে। ইয়াৰ বাবে তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক।
● প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ Browser ৰ সহায়ত Aadhaar Card Official Website ত বিজিট কৰক। আপুনি পোনপটীয়াকৈ এই লিংকত www.uidai.gov.in ক্লিক কৰিব পাৰে।
● ৱেবছাইটত ‘My Aadhaar’ টেবৰ ভিতৰত ‘Retrieve Lost or Forgotten EID/UID‘ বাছনি কৰক।
● ৱেবছাইটটোৱে আপোনাক এটা নতুন পৃষ্ঠালৈ লৈ যাব। ইয়াত আপুনি Enrolment Number বাছনি কৰিব লাগিব।
● আপুনি আপোনাৰ বিৱৰণ (details) প্ৰবিষ্ট কৰক যেনেকৈ আধাৰ কাৰ্ডৰ নামভৰ্তিৰ সময়ত সন্নবিষ্ট কৰিছিলে। Email ID বা ম’বাইল নম্বৰ আৰু Captcha Code আদি বহুৱাই দিয়ক।
● ‘Send OTP’ত ক্লিক কৰক। আপুনি আপোনাৰ পঞ্জীভুক্ত ম’বাইল নম্বৰলৈ ওটিপি প্ৰাপ্ত কৰিব।
● ওটিপি বহুৱাই দিয়ক আৰু ‘প্ৰমাণীকৰণ’ (Verification)ত ক্লিক কৰক।
● প্ৰমাণিকৰণ কৰাৰ পিছত আপোনাৰ ম’বাইল নম্বৰ আৰু ইমেল আইডি লৈ Enrolment Number Send কৰা হ’ব।
মোবাইল নম্বৰ বা ইমেল আইডিত Enrolment slipৰ details পোৱাৰ পিছত আধাৰ কাৰ্ডৰ Status Check কৰিবলৈ ওপৰোক্ত প্ৰক্ৰিয়াটো অনুসৰণ কৰক।
Join Whatsapp Channel