How to Apply Online Voter Card in Assamese?
যদি আপুনি ভোটাৰ পৰিচয় পত্ৰ (Voter Card) কেনেকৈ বনাব এই বিষয়ে জানিব বিচাৰে তেনেহলে আপুনি সঠিক পোষ্টটো পঢ়িবলৈ গৈ আছে। আমি এই প্ৰবন্ধটোত ভোটাৰ আইডি কেনেকৈ বনাব এই বিষয়ে ক’বলৈ গৈ আছো। ভাৰতত ভোট দান কৰিবলৈ ভোটাৰ আইডি কাৰ্ড বাধ্যতামূলক আৰু ইয়াৰ লগতে ভোটাৰৰ নাম ভোটাৰ তালিকাত থাকিব লাগে। আজিৰ এই পোষ্টটোৰ জৰিয়তে আমি জানিবলৈ গৈ আছোঁ, Voter Card ৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব? যদি আপোনাৰ ওচৰত ভোটাৰ পৰিচয় পত্ৰ নাথাকে তেন্তে আপুনি ভাৰতত ভোট দিব নোৱাৰে।
আপোনাৰ বয়স ১৮ বছৰ হলেই আপুনি ভোট দিবলৈও যোগ্য হ’ব বা ভোট দিব পাৰে। ভোটাৰ পৰিচয় পত্ৰ কেৱল মাত্ৰ নিৰ্বাচনত ভোট দিয়াৰ বাবেই ব্যৱহাৰ কৰা নহয় বৰঞ্চ ইয়াক বহুতো চৰকাৰী, বেচৰকাৰী কামৰ বাবেও প্ৰয়োজন হয় বা ব্যৱহাৰ কৰা হয়। এইটো এটা চৰকাৰী চিনাক্তকৰণ প্ৰমাণ পত্ৰ (Government Identification Proof), যিটোক ভাৰতৰ সকলো ঠাইতে বৈধ প্ৰমাণ পত্ৰ বুলি গণ্য কৰা হয়।
Voter Card ৰ বাবে আবেদন কৰাটো একেবাৰে সহজ প্ৰক্ৰিয়া । আপুনি অফলাইন বা অনলাইনত ভোটাৰ পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিব পাৰে। কিন্তু আপুনি জানেনে আপোনাৰ Voter Card অনলাইনত আবেদন কৰিবলৈ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব?, কেনেকৈ আবেদন কৰিব? ভোটাৰ কাৰ্ড আবেদন কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো তলত উল্লেখ কৰা হ’ল।
Table of Contents
Voter Card কেনেকৈ আবেদন কৰিব?
ভোটাৰ পৰিচয় পত্ৰ আবেদন কৰিবলৈ আপোনাৰ ওচৰত কিছুমান প্ৰয়োজনীয় নথি-পত্ৰ থাকিব লাগিব।
আপোনাৰ নিজৰ ফটো, ঠিকনাৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, আদি থাকিব লাগিব। গতিকে আপুনি এইটোও জানি লওঁক যে, আপোনাৰ ভোটাৰ পৰিচয় পত্ৰ বনাবলৈ কি কি ডকুমেন্টচৰ প্ৰয়োজন হ’ব।
Voter Card আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰ লাগিব?
Address Proof ৰ বাবে তলত দিয়া ডকুমেন্টচবোৰৰ প্ৰয়োজন হ’ব-
- ইণ্ডিয়ান পাছপোৰ্ট (Indian Passport)
- ড্ৰাইবিং লাইচেন্স (Driving License)
- বেংক পাছবোক/কিষান/পোষ্ট অফিচ কাৰেন্ট পাছবোক (Bank/Kisan/Post Office Current Passbook)
- ইনকাম টেক্স এছেছমেন্ট অৰডাৰ (Income Tax Assessment Order)
- গেছ কানেক্সন বিল (Gas Connection Bill)
- পোষ্ট অফিচ লেটাৰ (Post/Latter)
- ৰেচন কাৰ্ড (Ration Card)
- পানীৰ বিল (Water Bill)
- বিদ্যুতৰ বিল (Electricity Bill)
- টেলিফোন বিল (Telephone bill)
- ভাড়া চুক্তি (Rent Agreement)
Age Proof ৰ বাবে আপুনি তলত দিয়া প্ৰমাণ পত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে।
- জন্মৰ প্ৰমাণপত্ৰ (Birth Certificate)
- দশম শ্ৰেণী, অষ্টম শ্ৰেণীৰ মাৰ্কশ্বীট ব্যৱহাৰ কৰিব পাৰিব। (Marksheet)
- পান কাৰ্ড (PAN Card)
- আডাৰ কাৰ্ড (Aadhaar Card)
Identity Proof ৰ বাবে প্ৰয়োজনীয় নথি পত্ৰবোৰ তলত উল্লেখ কৰা হ’ল-
- পান কাৰ্ড (PAN Card)
- ড্ৰাইবিং লাইচেন্স (Driving License)
- ৰেচন কাৰ্ড (Ration Card)
- পাচপোৰ্ট কপি (Passport Copy)
- বেংক পাছবোক (Bank Passbook)
- এছ এছ এল চি চাৰ্টিফিকেট (SSLC Certificate)
- স্কুলৰ আইডি কাৰ্ড (Student Identity Card)
আপুনি ওপৰত উল্লেখ কৰা প্ৰমাণ পত্ৰবোৰৰ পৰা এটা কৈ ব্যৱহাৰ কৰিব পাৰিব।
Related Posts: Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব ?
Voter Card ৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব লাগিব?
বন্ধু-বান্ধৱীসকল যদি আপুনি Voter Card ৰ বাবে আবেদন কৰিব বিচাৰে তেনেহলে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব।
1. প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত www.nvsp.in/ এই ৱেবছাইটত প্ৰবেশ কৰিব। আপুনি পোনপটীয়াকৈ www.nvsp.in এই লিংকত ক্লিক কৰিব পাৰে।
2. এই ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘Login/Register’ ত ক্লিক কৰিব লাগিব আৰু তাত ক্লিক কৰাৰ পিছত আপোনাক আন এটা পেজলৈ লৈ যাব।
3. ইয়াৰ পিছত আপুনি ‘Don’t have account, Register as a new user’ ত ক্লিক কৰিব লাগিব।
4. তাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰ (Mobile Number), নাম (Name), ইমেইল আইডি (Email Id), আদি কিছুমান তথ্য পূৰণ কৰিব আৰু তাৰ পিছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব আৰু সেই অটিপিটো বহুৱাই দিব লাগিব। এই সকলোবোৰ তথ্য বহুৱাই ৰেজিষ্ট্ৰেচন কৰিব।
5. তাৰ পিছত ব্যৱহাৰকাৰীৰ (user name টো আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডি হ’ব) নাম, পাছৱাৰ্ড ( যিটো Password ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত ব্যৱহাৰ কৰিছিলে সেইটো লগ ইন কৰাৰ সময়ত ব্যৱহাৰ কৰিব) আৰু কেপচা কোড বহুৱাই ‘Login’ ত ক্লিক কৰিব।
➲ মনত ৰাখিব যে, নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিবলৈ আপুনি Form 6 (ফৰ্ম ৬) পূৰণ কৰিব লাগিব।
6. লগইন সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ‘Fresh Inclusion/Enrollment’ ত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনাক আন এটা পেজলৈ লৈ যাব।
7. এতিয়া আপুনি এই পেজটোত ‘Citizenship’ ৰ বিকল্প (Option) দেখিবলৈ পাব, ইয়াত আপুনি দুটা বিকল্প দেখিবলৈ পাব- ‘I reside in India আৰু I reside outside India’. ইয়াত আপুনি I reside in India এই বিকল্পটো বাছনি কৰিব।
8. তাৰ পিছত আপোনাৰ ৰাজ্য বাছনি কৰিব আৰু ইয়াৰ পিছত Next ত ক্লিক কৰি আগুৱাই যাব।
9. ইয়াৰ পিছত আপোনাৰ কিছুমান তথ্য পূৰণ কৰিব লাগিব-
Assembly Constituency
ইয়াত আপোনাৰ ‘Parliament/Assembly Constituency’ বাছনি কৰি ল’ব।
1. Enter Postal Address– ইয়াত আপোনাৰ কিছুমান তথ্য পূৰণ কৰিব লাগিব আৰু এইবোৰ বাধ্যতামূলক যেনে-
- ৰাজ্যৰ নাম (State/UT)
- আপোনাৰ জিলাৰ নাম ( District)
- ঘৰৰ নম্বৰ (House No)
- আপোনাৰ অঞ্চল (Street/Area/Locality)
- চহৰ/গাঁওৰ নাম (Town/Village)
- ডাকঘৰ (Post Office)
- ডাক সূচকীয় সংখ্যা (Pin Code)
- আপুনি কেতিয়াৰ পৰা এই ঠাইত বসবাস কৰি আছে, সেই তাৰিখটো বহুৱাই দিব (Date).
2. Upload Document- ইয়াৰ পিছত আপুনি আপোনাৰ ‘Address Proof’ ৰ বাবে ডকুমেন্টচ বাছনি কৰিব। (Type of Document)
3. Enter Family EPIC if Applicable– ইয়াত আপোনাৰ পৰিয়াল এজনৰ EPIC NUMBER বহুৱাই দিব। (আপুনি আপোনাৰ দেউতা/মাতৃৰ EPIC NUMBER ব্যৱহাৰ কৰিব পাৰে)। তাৰ পিছত Next ত ক্লিক কৰিব আৰু আপোনাক আন এটা পেজলৈ Redirect কৰি দিব।
মনত ৰাখিব, আপুনি ইংৰাজী আৰু অসমীয়া ভাষাত ঘৰৰ নম্বৰ, গাওঁ বা চহৰ, ডাকঘৰ, আদি দুয়োটা ভাষাই ব্যৱহাৰ কৰিব লাগিব।
4. Enter your birth details– আপুনি Next ত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ জন্মৰ তাৰিখ, চহৰ/গাওঁ, ৰাজ্য আৰু জিলাৰ নাম বহুৱাই দিব লাগিব।
5. Upload Document- ইয়াৰ পিছত আপুনি আপোনাৰ Age Proof ৰ বাবে ডকুমেন্টচ বাছনি কৰিব। (আপুনি এইবোৰৰ পৰা এটা বাছনি কৰিব)। তাৰ পিছত Next ত ক্লিক কৰিব।
6. Enter your personal details- ইয়াত আপুনি আপোনাৰ প্ৰথম নাম, শেষ নাম আৰু লিংগ বাছনি কৰিব।
7. Enter your Father/Mother/Husband Details- ইয়াত আপুনি Type of relation বাছনি কৰিব অৰ্থাৎ যিজন ব্যক্তিৰ জৰিয়তে আবেদন কৰিব সেই ব্যক্তিজনৰ লগত আপোনাৰ সম্পৰ্ক (দেউতা/মাতৃ/স্বামী-ভোটাৰ আইডি কাৰ্ডত কাৰ নাম ৰাখিব বিচাৰে)।
Name of the Relative Applicant- ইয়াত আপুনি আপোনাৰ relative ৰ প্ৰথম নাম বহুৱাই দিব।
Surname of Relative Applicant- আপোনাৰ ৰিলেটিবৰ শেষ নাম বহুৱাই দিব।
8. Upload Document- আপুনি ইয়াত আপোনাৰ ফটো আপলোড কৰিব আৰু মনত ৰাখিব ফটোখন ২ এমবিতকৈ বেছি যাতে নহয়। ইয়াৰ পিছত Next ত ক্লিক কৰিব।
9. Please Choose if you are differently abled- যদি আপুনি শ্বাৰীৰিক বাবে বাধাগ্ৰস্ত হয় তেন্তে তলৰ বিকল্প বাছনি কৰিব।
Visual impairment, Speech & hearing disability, Locomotor disability, Other-type
➲ তাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰ, ইমেইল আইডি বহুৱাই দিব (Both are Optional) আৰু Next ত ক্লিক কৰিব।
➲ ইয়াৰ পিছত আপুনি আপোনাৰ ঠাইৰ নাম (Place) আৰু তাৰিখ (Date টো আগৰে পৰাই দিয়া থাকিব) বহুৱাই দি Next ত ক্লিক কৰিব।
➲ বন্ধু-বান্ধৱীসকল Next ত ক্লিক কৰাৰ লগে লগে আপুনি Preview দেখা পাব। যদি কোনো তথ্য ভূল থাকে তেন্তে আপুনি ইয়াক সঠিক কৰিব পাৰে আৰু যদি কোনো ধৰণৰ ভূল নাথাকে তেনেহলে Submit ত ক্লিক কৰিব।
➲ আপুনি Next ত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ মেচেজ এটা দেখিবলৈ পাব ” Thank you for Submitting form on NVSP. Your form reference id is- উদাহৰণস্বৰূপে-AAA11112222 আৰু আপোনাৰ সন্মখত ৰিফাৰেন্স এটা আহিব, যিটো আপুনি নোট কৰিব কাৰণ এইটোৰ পিছত প্ৰয়োজন হ’ব।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Voter Card ৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব? মই আশা কৰোঁ আপুনি Voter Card ৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।
Join Whatsapp ChannelFAQs of Voter Card
ভোটাৰ পৰিচয় পত্ৰত কিমানটা অংক আছে?
➲ ভোটাৰ পৰিচয় পত্ৰ (Voter Card) ১০ অংকৰ। ইয়াৰ ভিতৰত ইংৰাজী বৰ্ণমাল আৰু সংখ্যা আছে অৰ্থাৎ আলফানিউমেৰিক নম্বৰ।
EPIC ৰ সম্পূৰ্ণ ৰূপ কি?
➲ EPIC ৰ সম্পূৰ্ণ ৰূপ বা অৰ্থ হৈছে- Electoral Photo Identity Card.
EVM ৰ সম্পূৰ্ণ ৰূপ কি?
➲ EVM ৰ সম্পূৰ্ণ ৰূপ বা অৰ্থ হৈছে-Electronic Voting Machines.
ভোটাৰ আইডিত প্ৰপত্ৰ (ফৰ্ম) ৮ কি?
➲ ভোটাৰ তালিকাত থকা ব্যক্তি এজনৰ বিৱৰণ সংশোধনৰ বাবে প্ৰপত্ৰ-8 দাখিল কৰিব পাৰি। যদি আপোনাৰ ভোটাৰ আইডিত যদি কোনো সংসধন কৰিব বিচাৰে তেনেহলে আপুনি ফৰ্ম ৮ ব্যৱহাৰ কৰিব লাগিব।