How to Apply Online Driving Licence in Assamese?
বন্ধু-বান্ধৱীসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ৱেবছাইটত বিজিট কৰাৰ বাবে আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব?
ড্ৰাইভিং লাইচেঞ্চ গাড়ী চলোৱাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে, ড্ৰাইভিং লাইচেঞ্চ বনোৱাটো কিমান কঠিন এটা কাম আৰু ইয়াৰ বাবে সঘনাই RTO ৰ’ কাৰ্যালয়ত যাব লগা হয়। ড্ৰাইভিং লাইচেঞ্চৰ বাবে অফলাইনত আবেদন কৰোঁতে আমাৰ সময় আৰু ধন দুয়োটা বেছিকৈ অপচয় হয়। কিন্তু এতিয়া আমি ইণ্টাৰনেটৰ জৰিয়তে এইটো সহজেই ঘৰত বহি অনলাইনত আবেদন কৰিব পাৰোঁ। এতিয়া আমি মাত্ৰ ১০ মিনিটত ড্ৰাইভিং লাইচেঞ্চৰ বাবে অনলাইনত আবেদন কৰিব পাৰোঁ।
ভাৰত চৰকাৰে ড্ৰাইভিং লাইচেঞ্চ সম্পৰ্কীয় সকলো কাম-কাজৰ বাবে অনলাইন সেৱা আৰম্ভ কৰিছে। এই সেৱাৰ জৰিয়তে এজন ব্যক্তিয়ে ড্ৰাইভিং লাইচেঞ্চ আৰু লাৰ্ণিং লাইচেঞ্চৰ বাবে অনলাইন আবেদন কৰিব পাৰে আৰু লগতে তেওঁৰ সুবিধা অনুসৰি driving test আৰু সময়সূচী বুক কৰিব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ শেষ হৈ যায় তেন্তে এনে ক্ষেত্ৰত আপুনি অনলাইনত নৱীকৰণো কৰিব পাৰে।
গতিকে আহক জানি লওঁ ড্ৰাইভিং লাইচেঞ্চ কেনেকৈ অনলাইনত আবেদন কৰিব? যদি আপুনি Driving Licence বনাব বিচাৰে তেনেহলে ইয়াৰ বাবে প্ৰথমে আপুনি Learning License ৰ বাবে আবেদন কৰিব লাগিব। Learning License পোৱাৰ পিছত আপুনি Driving Licence ৰ বাবে আবেদন কৰিব পাৰে। যদি আপোনাৰ ওচৰত ইতিমধ্যে Learning License আছে তেন্তে আপুনি ড্ৰাইভিং লাইচেঞ্চৰ বাবে অনলাইন আবেদন কৰিব পাৰে।
আজিৰ এই পোষ্টটোত আমি প্ৰথমে জানিবলৈ গৈ আছোঁ Learning License কেনেকৈ অনলাইনত আবেদন কৰিব? আৰু ইয়াৰ পিছত জানিম, Driving Licence কেনেকৈ আবেদন কৰিব? গতিকে এই পোষ্টটো শেষ লৈকে পঢ়িব কিয়নো ই আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ’ব।
Table of Contents
Learning Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব?
যদি আপোনাৰ ওচৰত Learning Driving Licence নাথাকে তেন্তে আপুনি তলৰ পদক্ষেপবোৰ অনুসৰণ কৰি ইয়াৰ বাবে আবেদন কৰিব পাৰে।
➲ প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত ‘ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়‘ ৰ অফিচিয়েল ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ এই parivahan.gov.in লিংকত ক্লিক কৰিব পাৰে।
➲ ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘License Related Services‘ Option টো দেখিবলৈ পাব। ইয়াত আপুনি ‘Drivers/Learners License’ বিকল্পটোত ক্লিক কৰিব।
➲ ‘Drivers/Learners License’ ত ক্লিক কৰাৰ পিছত আপোনাক আন এটা পেজলৈ লৈ যাব য’ত আপুনি আপোনাৰ ৰাজ্য (State) বাছনি কৰিব লাগিব।
➲ ইয়াৰ পিছত আপুনি Apply for Learning License ত ক্লিক কৰিব। ইয়াত আপোনাক কিছুমান Instructions দিব।
1. Fill Application details |
2. Upload Documents |
3. LL Slot Book |
অৰ্থাৎ প্ৰথমে আপুনি Application ফৰ্ম পূৰণ কৰিব লাগিব, দ্বিতীয়তে Documents আপলোড কৰিব আৰু শেষত Schedule বাছনি কৰিব লাগিব। ইয়াৰ পিছত আপুনি Continue ত ক্লিক কৰিব।
➲ ইয়াৰ পিছত আপুনি ‘Application does not hold driving Licence/ Learner License’ বাছনি কৰি Submit ত ক্লিক কৰিব।
➲ Submit ত ক্লিক কৰাৰ পিছত আপোনাক আন এটা পেজলৈ লৈ যাব। ইয়াত আপুনি RTO Office, Personal details, Address, Vehicle class আদি পূৰণ কৰিব আৰু ইয়াৰ পিছত Submit ত ক্লিক কৰিব লাগিব।
➲ ‘Application form’ Submit কৰাৰ পিছত, আপুনি আপোনাৰ ডকুমেণ্ট, ফটো, Signature আদি আপলোড কৰিব লাগিব। আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বয়স আৰু ঠিকনা প্ৰমাণিত কৰিব পাৰে। ইয়াৰ পিছত আপুনি Driving test ৰ বাবে সময়সূচী বাছনি কৰিব লাগিব আৰু শেষত পৰিশোধ কৰি আবেদন পত্ৰ সম্পূৰ্ণ কৰিব।
Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব?
যদি আপোনাৰ ওচৰত Driving Licence নাথাকে তেন্তে আপুনি তলৰ পদক্ষেপবোৰ অনুসৰণ কৰি ইয়াৰ বাবে আবেদন কৰিব পাৰে।
➲ প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত ‘ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়‘ ৰ অফিচিয়েল ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ এই parivahan.gov.in লিংকত ক্লিক কৰিব পাৰে।
➲ ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘License Related Services‘ Option টো দেখিবলৈ পাব। ইয়াত আপুনি ‘Drivers/Learners License’ বিকল্পটোত ক্লিক কৰিব।
➲ Drivers/Learners License ত ক্লিক কৰাৰ পিছত আপোনাক আন এটা পেজলৈ লৈ যাব য’ত আপুনি আপোনাৰ ৰাজ্য বাছনি কৰিব লাগিব।
➲ ইয়াৰ পিছত আপুনি ‘Apply for driving Licence‘ ত ক্লিক কৰিব। তাৰ পিছত আপোনাক কিছুমান Instructions দিব আৰু আপুনি সেইবোৰ অনুসৰণ কৰিব লাগিব।
- Fill Applicant Details
- Upload Documents
- Upload Photo and Signature
- DL test Slot booking
- Payment of Fee
- Verify the Pay Status
- Print the receipt.
অৰ্থাৎ আপুনি প্ৰথমে ফৰ্ম পূৰণ কৰিব লাগিব আৰু তাৰ পিছত Documents আপলোড, Schedule, পৰিশোধ আদি সকলোবোৰ কাম ভালদৰে কৰিব লাগিব। আপুনি এতিয়া Continue ত ক্লিক কৰি আগবাঢ়ি যাব।
➲ পৰবৰ্তী পেজত আপুনি জন্মৰ তাৰিখ আৰু Learner’s Licence Number বহুৱাই Ok ত ক্লিক কৰিব।
➲ ইয়াৰ পিছত Application for Driving Licence ৰ পেছটো খুলি যাব, য’ত আপোনাৰ details fill up কৰিব লাগিব।
➲ তাৰ পিছত আপোনাৰ Signature, photo আৰু Address proof Documents আপলোড কৰিব আৰু লগতে Driving test ৰ Schedule বাছনি কৰি পেমেন্ট কৰিব লাগিব।
➲ Application Submit কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত Acknowledgement নম্বৰ পাই যাব। Driving test ৰ বাবে যিদিনা Schedule বাছনি কৰি লৈছে সেইদিনা RTO (Regional Transport Office) অফিচত যাব আৰু আপোনাৰ Driving test সম্পূৰ্ণ কৰিব, ইয়াৰ পিছত আপোনাৰ Driving Licence হৈ যাব।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব? মই আশা কৰোঁ আপুনি Driving Licence কেনেকৈ অনলাইনত আবেদন কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।
Join Whatsapp Channel