Join WhatsApp Channel Join Now
Join Telegram Group Join Now
Latest Updates Click Here

PRC কেনেকৈ অনলাইনত আবেদন কৰিব? How to Apply Online PRC in Assamese?

---

How to Apply Online PRC in Assamese?

বৰ্তমান সময়ত PRC অৰ্থাৎ Permanent Residence Certificate ৰ গুৰুত্ব প্ৰায় সকলো ক্ষেত্ৰত দেখা যায়। ইয়াক আপুনি চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ নথি পত্ৰ হিচাপে প্ৰয়োজন হয়। বৰ্তমান সময়ত আপুনি PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অবিহনে কিছুমান চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ই হৈছে এক গুৰুত্বপূৰ্ণ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা নথি পত্ৰ, যিটো অসম‌ চৰকাৰে প্ৰদান কৰে।

How to Apply Online PRC in Assamese

PRC কি?

নিৰ্দেশনা, প্ৰক্ৰিয়া, সময় সীমা অনুসৰি জিলাখনৰ উপায়ুক্তই Permanent Residence Certificate (PRC) জাৰী কৰে। Permanent Residence Certificate বা PRC শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা হয়। PRC (স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ) হৈছে নিৰ্দিষ্ট ৰাজ্যৰ এজন ব্যক্তিৰ স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ। আজিৰ এই প্ৰবন্ধটোৰ জৰিয়তে আমি জানিবলৈ গৈ আছোঁ, PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেনেকৈ অনলাইনত আবেদন কৰিব, ইয়াৰ যোগ্যতা কি আৰু ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ’ব। গতিকে সময়‌ নষ্ট নকৰি আহক এই বিষয়ে জানি লওঁ।

Join WhatsApp Channel Join Now
Join Telegram Group Join Now

Eligibility Criteria for Permanent Residence Certificate

ব্যৱস্থা আৰু নিয়ম অনুসৰি, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ (PRC) বাবে আবেদন কৰাৰ বাবে কিছুমান যোগ্যতা আছে। PRC ৰ বাবে আবেদন কৰাৰ যোগ্যতাৰ চৰ্তবোৰ নিম্নলিখিত ধৰণৰ :-

➢ আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
➢ আবেদনকাৰীৰ অভিভাৱক বা পূৰ্বপুৰুষ অসম ৰাজ্যত নিম্নতম ৫০ বছৰৰ বাবে স্থায়ী বাসিন্দা হ’ব লাগিব।
➢ আবেদনকাৰীয়ে নিম্নতম ২০ বছৰৰ ধৰি অসমত বাস কৰা হ’ব লাগিব।
➢ যদি কোনো আবেদনকাৰীয়ে ওপৰোক্ত সকলো যোগ্যতা পূৰণ কৰে তেন্তে তেওঁ তেওঁৰ সন্তানৰ বাবেও আবেদন কৰিব পাৰে।

Documents Required for PRC

Permanent Residence Certificate আবেদন কৰাৰ বাবে নিম্নলিখিত প্ৰমাণপত্ৰ পত্ৰবোৰৰ প্ৰয়োজন –

➢ Passport Size photograph (আবেদনকাৰীৰ পাছপোৰ্ট ছাইজ ফটো)

➢ Records of Immovable Property ( মাটিৰ খাজনাৰ ৰচিদ)

➢ Indian Passport or Certified copy of the NRC 1951

➢ Voter list ( আবেদনকাৰীৰ ভোটৰ তালিকা)

➢ Birth Certificate ( জন্মৰ প্ৰমাণপত্ৰ)

➢ Copy of HSLC certificate/ Admit Card

➢ PRC of any member of the family ( যদি আবেদনকাৰীৰ পৰিয়ালৰ যিকোনো এজনৰ PRC থাকে তেন্তে আপলোড কৰিব পাৰে, এইটো বাধ্যতামূলক নহয়।)

➢ Employment Certificate ( যদি আবেদনকাৰীয়ে কৰ্মৰত অৱস্থাতে থাকে তেন্তে তেওঁ/তাইৰ Employment Certificate আপলোড কৰিব পাৰে কিন্তু এইটো বাধ্যতামূলক নহয়।)

➢ Application Form for PRC ( এইটো আপুনি Google ৰ ডাউনলোড কৰিব পাৰে।)

➢ Address Proof হিচাপে আপুনি তলৰ প্ৰমাণপত্ৰ সমূহ আপলোড কৰিব পাৰে।

➢ Documents related to parents and forefathers having continuously resided in Assam for a minimum period of 50 years. Or
Documents related to guardian having continuously resided in Assam for a minimum period of 20 years.

How to Apply Online PRC in Assamese?

যিসকল প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰ জৰিয়তে Permanent Residence Certificate ৰ বাবে আবেদন কৰিব বিচাৰে, সেইসকলে অসম চৰকাৰৰ ‘e-District’ বিভাগৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম প্ৰথমে পঞ্জীয়ন কৰিব লাগিব।

যদি আপুনি কম সময়ৰ ভিতৰতে আৰু কম খৰছত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিব বিচাৰে তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব।

➢ প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত ‘e-District’ ৰ অফিচিয়েল ৱেবছাইটত বিজিট কৰিব। আপুনি তলৰ Important links ত সকলো ৱেবচাইটৰ link পাব।

e district

➢ ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘Create Account’ ত ক্লিক কৰি‌ আপোনাৰ নাম, Screen Name (উদাহৰণস্বৰূপে- techinassamese বা আপোনাৰ নিজৰ নাম বহুৱাই দিব), ইমেইল আইডি, লিংগ, জন্মৰ তাৰিখ, মোবাইল নম্বৰ আৰু Captcha Code বহুৱাই Save ক্লিক কৰিব।

prc apply in assamese

➢ ইয়াৰ পিছত আপোনাৰ ইমেইল আইডিত এটা Password লাভ কৰিব যিটো login কৰাৰ সময়ত প্ৰয়োজন হ’ব।

➢ Registration সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইমেইল আইডি আৰু Password বহুৱাই login কৰিব। ইয়াৰ পিছত আপুনি এটা প্ৰশ্ন বাছনি কৰাৰ Option পাব আৰু প্ৰশ্ন অনুসৰি আপুনি উত্তৰ দি ‘Save’ ত ক্লিক কৰিব।

☛ তলত আপুনি Permanent Residence Certificate আবেদন কৰাৰ link পাব, তাত ক্লিক কৰিব আৰু ইয়াৰ পিছত আপুনি ‘eGovernance Services‘ ক্লিক কৰিব লাগিব। (যদি কোনো ধৰণৰ error দেখা পায় তেন্তে এনে ক্ষেত্ৰত আপুনি Advanced ক্লিক কৰিব)

eGovernance Services

➢ এতিয়া আপুনি ‘Email Address’ আৰু ‘Username/Screen Name’ বহুৱাই Login ত ক্লিক কৰিব।
ইয়াৰ পিছত আপুনি ‘Search E-Forms by Title’ ত ক্লিক কৰি ‘Permanent Residence Certificate’ বিকল্পটো বাছনি কৰি ‘Go’ ত ক্লিক কৰিব আৰু লগে লগে Online আবেদন কৰাৰ Option টো পাব, আপুনি ‘Submit Online’ ত তাত ক্লিক কৰিব।

➢ ইয়াৰ পিছত আপোনাৰ সন্মূখত Application Form টো ওলাই আহিব, যত Applicant’s details, Permanent Address, Residential Address আৰু PRC Related Information বহুৱাই দিব।

➢ অৱশেষত আপুনি প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰি Payment কৰি দিব আৰু ইয়াৰ লগতে Acknowledgments Receipt টো ডাউনলোড কৰি ৰাখি দিব, যিটো পিছত প্ৰয়োজন হ’ব।

Important-Web Links for Permanent Residence Certificate

e-District RegistrationClick here
PRC Application FormClick here
PRC Apply OnlineClick here
Join Whatsapp Channel

FAQs of How to Apply Online PRC in Assamese

PRC ৰ সম্পূৰ্ণ অৰ্থ কি?

➲ PRC ৰ সম্পূৰ্ণ অৰ্থ হৈছে Permanent Residence Certificate বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ।

Permanent Residence Certificate ৰ বাবে অনলাইনত‌ কিমান টকা মাছুল পৰিশোধ কৰিব লাগে?

➲ যদি আপুনি ঘৰত বহি অনলাইনত Permanent Residence Certificate ৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি ৩০ টকা মাছুল হিচাপে পৰিশোধ কৰিব লাগে।

Permanent Residence Certificate কিয় প্ৰয়োজন হয়?

➲ বৰ্তমান সময়ত Permanent Residence Certificate ৰ প্ৰয়োজন প্ৰায় সকলো ক্ষেত্ৰত দেখা যায়, যেনে- উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ আবেদনৰ ক্ষেত্ৰত, ইত্যাদি।

Latest Notifications Check Here
Home
Search
Admit
Results
Group
close